দlৰং ৰ বাকৰিত মেহফিল জমুৱা হেই ডেকা জন আজি নাই,
কিন্তু,আজিও তাৰ কবিতাত প্ৰাণ পাই উঠে auditorium ৰ সন্মুখৰ বকুল বোৰ,
আজিও তাৰ গানৰ সুৰত জিপাল হৈ উঠে কলেজ প্ৰাংগনৰ হেই কৃষ্ণ চুঢ়া বোৰ,
শুনিছোঁ আজি কালি সি ব্যস্ত,
ব্যস্ত সমাজৰ ব্যস্ত পথিক ৰূপে,
জীৱন যুদ্ধত বিলীন হৈ পৰা সি টোক
আজিও চাগে,দৰংৰ সোণালী স্মৃতি বোৰে বৰকৈ আমনি কৰে।
সন্ধিয়াৰ পধাৰুৰ চাহ তুপিৰ জুতি লবলৈ সি আৰু নাহে
হোষ্টেলৰ বাৰাণ্ডাদ বহি সি আৰু প্ৰেমৰ গীত নাগাই,
কলেজ কেণ্টিন ৰ আড্ডা দিবলৈ,
Counter ৰ লানি নিছিগা line ধৰিবলৈ,
লাইব্ৰেৰি ৰ কিতাপত চকু ফুৰাবলৈ,
সি আৰু নাহে,,,।
সি জানো ভাবিছিল,
হোষ্টেলৰ লগৰীয়াৰ হৈতে দিন ৰাতি পাৰ কৰা সি টো
আজি যে অকশৰীয়া জীৱন যাত্ৰাৰ যাত্ৰী হবগৈ,
সি জানো ভাবিছিল,
নীলা সাঁজ যোৰ এদিন তাৰ মাত্ৰ
এটি সোণালী অতীত হৈ ৰব বুলি,
সময় বৰ নিষ্ঠুৰ ,এই সময়ৰ সোঁতত কাৰ ঠিকনা কেতিয়া কত কোনেও নাজানে,
হয়টো...
হয়টো সিও কোনো দিন কল্পনাই কৰা নাছিল
যে সিও এদিন এই সোণালী দিন বোৰক
মাথোঁ,স্মৃতি হিচাপে হে লগত ৰাখিব,
দৰং ৰ প্ৰতিটো কথা তাৰ বাবে মাথোঁ এক
জীৱন বাটৰ সোণালী পৃষ্ঠা হৈ ৰব,,
ক্লান্ত সময়ৰ ৰাগীত সি আজিও সুৱৰে দৰং ৰ প্ৰতিটো পল - অনুপল,
স্মৃতিৰ দলিচাত আজিও বিচাৰি ফুৰে হেই পুৰণি দিন বোৰ,
চিগাৰেটৰ ধোঁৱাত উৰি যায় তাৰ হেই সোণালী দিন বোৰৰ স্মৃতি,,,
মাতাল নিশা বোৰ এতিয়া তাৰ বন্ধু।
আবেগিক হৈ পৰে সি,
উভতি যাব খোজে পুৰণি দিন বোৰলৈ,
কিন্তু কি কৰিবা
সময় এনেকোৱাই ...
দৰং ৰ বাকৰিত মেহফিল্ জমুৱা সেই ডেকা জন আজি নাই।।