আহিচে আহিচে
বৰদৈচিলা আহিচে
শিঙিমাৰীলৈ আহিচে
দেবদাৰুৱে মাতিচে
জোনাকৰ জুপুৰীত সাধু শুনাবলৈ
দহ আৰু এঘাৰ ছেপ্তেম্বৰত মাতিচে
পথৰ পথিকে ঘূৰি ঘুৰি চায়
আৰু কৈ যায়
আমাৰো সপোনে পূৰ্ণতা পায়
আশাৰ চাকিগচি জ্বলি ৰয়
পোহৰে পাতিব খেলা
হাঁহি আৰু আনন্দৰ ৰঙীন মেলা
বুকুৰ সেউজীয়া হৈ উমলিব মৃদুল ভুইয়া
দুভৰিৰ যাদু আৰু সুৰৰ মূৰ্চনাৰে মুহিব কাজল শৰ্মা
যোগেশ কাশ্যপৰ সংলাপত উজলি উঠিব ৰঙাকৈ দুপৰীয়া এটা
আহিচে আহিচে বৰদৈচিলা িয়েটাৰ আহিছে
অপেক্ষাৰ কুঁৱলী ফালি
একে একে দুই হৈ
শিঙিমাৰিলৈ আহিচে
অভিমানত মৰি যাম তোৰ বাবে
দফা তিনিশ দুই
সত্যমেৱ জয়তে
মানুহে মানুহ ভৰিব পদূলি
চৌপাশ উদুলিমুদুলি
সনাৰুফুলিয়া আৱেগৰ চকুপানী
ৰঙা নীলা আশাৰ ৰেঙনি
মৌ বৰষা হেঁপাহৰ গুণগুণনি
আহিচে আহিচে বৰদৈচিলা আহিচে
ইপাৰ শিপাৰ নেদেখা উছাহৰ উঠা নমা
সেউজীয়া হৃদয় আৰু সৰিয়হৰ হালধীয়া