তুমি আঁতৰি
যোৱাৰ পাছৰ পৰাই ,
তোমালৈ মনৰ হেঁপাহবোৰ
বেছিকৈ হাবিয়াস বাঢ়িছে।
তুমি ভাহি আহাঁ
মোৰ হৃদয়লৈ
কেনেকৈ বুজাম ,
বুজাব যে নোৱাৰোঁ।
বিফল হৈ আমনি নলগা
প্ৰেমৰ শান্তিৰ নিজৰা।
Kot আছা তুমি ?
আবেগ ঢালি দিলোঁ ,
তোমাৰ হৃদয়ত।
নীলিমাৰ নৈৰ গভীৰত ৰাখিম ,
মনৰ দাপোনত।
দাপোনৰ প্ৰতিবিম্ব হৈ
চকুৰে কথা পাতিম ..।
তুমি যেন মোৰে
সুবাস বুলি সাৱটি ধৰিম ।
Kot আছা তুমি ?
আহাঁ কাষলৈ তোমাৰ হাতৰ
আঙুলিৰ ফাঁকত মোৰ হাতৰ
আঙুলিৰে খামুচি ধৰি ,
যাওঁ আগুৱাই
বাটে বাত কৰি ।
মোৰ ভাল পোৱাৰ
সপোন বোৰ ঢালি দিম
তোমাৰ বুকুত ।
তেতিয়াই টোমাৰ মনৰ
নিভাজ কুণৰপৰা
নিজৰা বৈ আহিব
প্ৰেম ভালপোৱাৰ উন্মাদনা।