উন্মদনাৰ বুকুত দিশ হেৰুৱা
নিশাচৰ চহৰখনক বাট দেখুৱাইছে
সৌ ষ্ট্ৰীত লাইট কেইটাই
শূণ্যতাৰ বুকুত বাট হেৰুৱা মোক
কোনে দেখাব পোহৰৰ বাট?
কোনে শুনাব মোক সেই দৰদী মাত?
তাই তো পুৰণি ডায়েৰীৰ মাথো এখিলা কাগজ আজি
তথাপিও কিয় দিশ হেৰুৱাইচো মই?
এইয়া পৃথিৱীৰ নিয়ম
নে সময়ৰ আঘাত?
মাথো এখিলা কাগজ নহয় চাগে
পুৰণি ডায়েৰীৰ তাই এখিলা সজীৱ কাগজ