আকৌ এবাৰ ঘূৰি আহা
মৰমেৰে আবৰি ৰাখিম তোমাক
মনে নামানে তুমি নহ'লে
হৃদয়ে বিচাৰে মাথো তোমাকে
প্ৰতি পল বিচাৰো কাষতে ।।
মেঘৰ সতে ডাৱৰৰ আঁৰতে
সুৰুযে লুকা ভাকো খেলাৰ দৰে
কিয় বাৰে বাৰে মনৰ মাজতে
অভিমানি মুখখনে আমনি কৰে
কিয় বাৰে বাৰে অগা দেৱা কৰে ??
সোণাৰুৰ হালধীয়া মিঠা হাঁহিতো
কিয় দেখা পাওঁ বিষাদৰ ছাঁয়া
নদীৰ পাৰৰ কাঞ্চন জোপাতো
নেদেখো কিয় আজি হাঁহিৰ মেলা
আজাৰেও যেন বুজে তুমি নথকাৰ বেজাৰ ।।