মোৰ এটা মায়াবী নিশা
_____________________
একাজলি হেঙুলীয়া ৰং সানি
সেউজ কোমল সাঁহনি ডৰাৰ মাজত
লুকাই পৰিল তেজ ৰঙা বেলিটি,
ছয়াময়া আন্ধাৰ পোহৰৰ খেলা কৰি
ধৰাৰ বুকুলৈ নামি আহিল সন্ধিয়াটি
কোনোবা অচিন গৰখীয়াৰ বাঁহীৰ সুৰত
কহুৱাঁই হালি জালি থকা সৌ চাপৰিত
বিলিন হৈ পৰিল সুমধুৰ নিশাটি।
এটি দুটি তৰাৰে ভৰা আকাশখনিত
যেন কোনোবাই ইপিনিয়ে বৈ দিলে আশাৰ ছবি
এজাক জোনাকীৰ জিলমিল মধুৰ মেলাত
হয়তুবা কোনোবা বিৰহীয়ে পাহৰি গ'ল
নিজৰ চিনাকি ছবি।
অচিন পক্ষীৰ কল্লোলিত কণ্ঠত
ধৰিত্ৰীয়েদি পাৰ হৈ গ'ল এটা জীয়া সুঁতি
আশাৰে দেখা সপোনৰ সীমনাত
মধুৰতম স্বপ্ন আঁকি কোনোবা হৃদয়ৰ চাপৰিত,
এটা বুজা নুবুজা উজাগৰী মায়াবী নিশা
পাৰ হৈ গ'ল মোৰ বিষাদৰ হৃদয়েদি।