🥁🥁🥁
টানকৈ বান্ধ ঐ মেখেলা
খুলি পৰিব হ’বলা
ভালকৈ নাচ ঐ কমলা
কঁকাল বিষাইছে হ’বলা !
টঙালি টানি ল’ ঢুলীয়া
খুলি পৰিব চুৰিয়া
ভালকৈ ঢোলটো বজা
ফুটি যাব এতিয়া
টানকৈ বান্ধ ঐ মেখেলা
খুলি পৰিব হ’বলা 😄😄
খাবলৈ ভালেহে টেঙা চকলা
শুনিবলৈ বেয়াহে মুখৰ বকলা
চাবলৈ ভালেহে মুগা মেখেলা
চুবলৈ টানহে পিন্ধা মেখেলা
ডাঠ্ কৈ যৌৱন গাত ঐ কমলা
চাত্ কৈ চুই দিম পালেই সুবিধা
🪘🎺🥁🧵
টানকৈ বান্ধ ঐ মেখেলা
খুলি পৰিব হ’বলা
ভালকৈ নাচ ঐ কমলা
কঁকাল বিষাইছে হ’বলা 😁😁
গাভৰু দেখিলে হৱ পগলা
ওচৰলৈ নাহিবি দিম এসেকা
চাবলৈ ভালেহে যৌৱন উতলা
চুবলৈ টানহে বান্ধিব দমলা
ডাঠ্ কৈ যৌৱন গাত ঐ কমলা
চাত্ কৈ চুই দিম হব নেকি জেমেলা ?😁😄
🪘🎺🥁🧵
টানকৈ বান্ধ ঐ মেখেলা
খুলি পৰিব হ’বলা
ভালকৈ নাচ ঐ কমলা
কঁকাল বিষাইছে হ’বলা
টঙালি টানি ল’ ঢুলীয়া
খুলি পৰিব চুৰিয়া
ভালকৈ ঢোলটো বজা
ফুটি যাব এতিয়া
টানকৈ বান্ধ ঐ মেখেলা
খুলি পৰিব হ’বলা 😄😄
গীতৰ কথা : চঞ্চল কোঁৱৰ